Monday 10 February 2014

তিক্ততা-২

ফুলপাহ সযতনে ফুলি আছে
কংক্ৰীটৰ মহানগৰীত
ফুলপাহৰ স্থান এতিয়া
'X' এনক্লেভৰ দ্বিতীয় মহলাত ৷
ফুলপাহৰ সৈতে মোৰ সম্পৰ্ক আজন্ম  মাথো সময়ৰ আহ্বানত
তাইৰ স্থানৰ পৰিবৰ্তন ৷
তথাপিও সময়ৰ চঞ্চল বতাহজাকে
তাইক আতৰাই নিব পৰা নাই
মোৰ হৃদয়ৰ পৰা,
অৱশ্যে বতাহজাকে
তাইক উদ্বাউল কৰি তুলিছে ৷
ভোমোৰাৰ গুঞ্জনে কিজানিঃ 
তাইক নিনাদিত কৰি তুলিছে .....!!!!