জোনাকভৰা সন্ধিয়াৰ
স্নিগ্ধ জোনটিলৈ চাই
বিছাৰিছোঁ তোমাৰ
নীলবৰণীয়া ওঠৰ হাঁহি ৷
যন্ত্ৰণাৰে পীড়িত
মোৰ পৃথিৱীলৈ
তুমি নামি আহিছিলা
এটুপি নিৰ্ভেজাল বৰষুণ ৰূপে ৷
সাৱটি ৰাখিব খুজিছিলো তোমাক
হৃদয়ৰ এটি নিভৃত কোণত ,
আলফুলীয়াকৈ ৰাখিছিলো
জীৱন যুজত ,
আগবাঢ়ি যোৱাৰ
একমাত্ৰ সাহস স্বৰূপে ৷
কিন্তু, সময় আৰু সমাজৰ
নিৰ্মম বাধাই ,
তোমাক কাঢ়ি লৈ গ'ল
মোৰ আকাংক্ষিত মৰমৰ পৰা ৷
ব্যৰ্থ হলো তোমাক পাবলৈ
ই সাম্ভাৱ্য আছিল মোৰ বাবে ,
হেৰুৱাইছিলো নিজকে তোমাৰ মাজত
মনলৈ উপলব্ধি অহা নাছিল ,
তুমি যে এখন আকাশ
মই মাত্ৰ পৃথিৱীহে !!
Wednesday, 17 September 2014
তিক্ততা. . .
Labels:
bidyutjyoti poem
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment